4 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত বাদ্যৰে সৈতে গোৱা দায়ুদৰ ৰচিত গীত। 
 1 হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, 
তেতিয়া তুমি মোক উত্তৰ দিয়া। 
বিপদে যেতিয়া মোক হেঁচি ধৰিলে, 
কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; 
মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা। 
 2 হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? 
কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি 
অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)। 
 3 কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক 
তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে। 
মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে। 
 4 তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা; 
নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)। 
 5 তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা। 
 6 অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!” 
হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক। 
 7 প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, 
তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা। 
 8 মই শান্তিৰে শুই টোপনি যাম। 
কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।