77 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদুথনৰ অৰ্থে আচফৰ ৰচিত গীত। 
 1 মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; 
মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব। 
 2 সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; 
গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। 
মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল। 
 3 মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; 
মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। [চেলা] 
 4 তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; 
মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো। 
 5 মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; 
অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ। 
 6 ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; 
ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; 
মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে* মই মোৰ গীত সোঁৱৰন কৰো, মোৰ হৃদয়ত। ; 
 7 “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? 
তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি? 
 8 তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? 
তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি? 
 9 ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? 
তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? [চেলা] 
 10 মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।” 
 11 যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; 
পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম। 
 12 তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম; 
তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম। 
 13 হে ঈশ্বৰ, তোমাৰ পথ† পবিত্ৰস্থান পবিত্ৰ; 
আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে? 
 14 তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা। 
 15 তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। [চেলা] 
 16 হে ঈশ্বৰ, সমুদ্রৰ জল‡ সমুদ্ৰ সমূহে তোমাক দেখিলে; 
জল§ সমুদ্ৰ সমূহে তোমাক দেখি ভয় খালে; 
তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল। 
 17 মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; 
তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে। 
 18 বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; 
তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে। 
 19 সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; 
মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল। 
 20 মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা। 
*77 অধ্যায়:6 মই মোৰ গীত সোঁৱৰন কৰো, মোৰ হৃদয়ত।
†77 অধ্যায়:13 পবিত্ৰস্থান
‡77 অধ্যায়:16 সমুদ্ৰ
§77 অধ্যায়:16 সমুদ্ৰ