114 অধ্যায়
 1 ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, 
যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল, 
 2 তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, 
ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য। 
 3 সমুদ্ৰই* সমুদ্ৰই চূফ সাগৰ তাকে দেখি পলায়ন কৰিলে; 
যৰ্দ্দন নদী উজাই গ’ল। 
 4 পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, 
পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে। 
 5 হে সমুদ্ৰ, তোমাৰ কি হ’ল? 
কিয় তুমি পলাই গ’লা? 
হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা? 
 6 হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? 
হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা? 
 7 হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, 
যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা। 
 8 তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, 
চক্মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।