138 অধ্যায়
দায়ুদৰ ৰচিত গীত 
 1 হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; 
দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম। 
 2 তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; 
তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; 
কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান* তুমি তোমাৰ নাম আৰু কথাবোৰ উন্নত কৰিলা। বা, তুমি তোমাৰ নাম আৰু প্রতিজ্ঞাক সকলোতকৈ মহান কৰিলা।। 
 3 মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; 
তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা। 
 4 হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব; 
কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে। 
 5 তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব; 
কিয়নো যিহোৱাৰ গৌৰৱ মহান। 
 6 কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; 
কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে। 
 7 যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, 
তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা† তুমি মোক পুনৰুত্থান কৰিবা; 
তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা। 
 8 যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; 
হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। 
তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা। 
*138 অধ্যায়:2 তুমি তোমাৰ নাম আৰু কথাবোৰ উন্নত কৰিলা। বা, তুমি তোমাৰ নাম আৰু প্রতিজ্ঞাক সকলোতকৈ মহান কৰিলা।
†138 অধ্যায়:7 তুমি মোক পুনৰুত্থান কৰিবা