75 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: অলতচেৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত, সঙ্গীত। 
 1 হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; 
আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; 
লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে। 
 2 যেতিয়া নিৰুপিত সময় উপস্থিত হব; 
তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম। 
 3 যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল; 
তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। [চেলা] 
 4 মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” 
দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা; 
দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক। 
 5 তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; 
তোমালোকে গর্ব কৰি কথা নকবা।” 
 6 কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়। 
 7 কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; 
কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে। 
 8 কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, 
তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; 
আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; 
পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব। 
 9 কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; 
মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম। 
 10 তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং* শক্তি কাটি পেলাম; 
কিন্তু ধাৰ্মিক লোকসকলৰ শিং† শক্তি  উচ্চ কৰিম।”