45 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: চোচন্নীম। কোৰহৰ বংশৰ মচকীল নামৰ প্ৰেম সঙ্গীত। 
 1 মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; 
ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; 
মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে। 
 2 মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ; 
তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; 
ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে। 
 3 হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; 
গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা। 
 4 ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা; 
তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক। 
 5 তোমাৰ ধনুৰ কাঁড়বোৰ চোকা; 
ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়; 
জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়; 
 6 ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী* হে ঈশ্বৰ, তোমাৰ সিংহাসন, ঈশ্বৰৰ সিংহাসন, চাওক ইব্ৰী 1:8-9, অনন্ত কাললৈকে থাকে; 
তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড। 
 7 তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; 
সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ 
অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে। 
 8 গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে। 
হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে। 
 9 তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; 
তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে। 
 10 হে কন্যা, মন দি কাণ পাতি শুনা; 
তোমাৰ লোকসকলক তুমি পাহৰি যোৱা; 
তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা। 
 11 তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; 
কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা। 
 12 তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব; 
ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব। 
 13 ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; 
তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে। 
 14 নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; 
তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব। 
 15 আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব; 
তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব। 
 16 তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব; 
লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা। 
 17 মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম; 
সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।