59 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। চৌলে লোক পঠোৱাত, সিহঁতে দায়ূদক বধ কৰিবৰ ছলেৰে ঘৰৰ ওচৰত খাপ দি থকা সময়ৰ গীত। 
 1 হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা; 
মোৰ বিৰুদ্ধে উঠা সকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা। 
 2 অধৰ্মচাৰীবোৰৰ পৰা মোক ৰক্ষা কৰা; 
ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা। 
 3 কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে; 
হে যিহোৱা, মোৰ কোনো দোষ বা পাপ নাই তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে। 
 4 তেওঁলোকে মোক বিনা-দোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে; 
তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা। 
 5 হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ, 
তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা; 
কোনো দুর্নীতিপৰায়ণ পাপীক দয়া নকৰিবা। [চেলা] 
 6 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে; 
নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে। 
 7 চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, 
তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; 
কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?” 
 8 কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; 
তুমি সকলো জাতিকে উপহাস কৰিবা। 
 9 ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; 
কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ। 
 10 মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী; 
মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব। 
 11 মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা। 
হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা। 
 12 তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; 
তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক। 
 13 তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; 
যাকোব* ইস্ৰায়েলৰ মাজত ঈশ্বৰে যে শাসন কৰে, 
পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। [চেলা] 
 14 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক; 
নগৰত চাৰিওফালে ভ্ৰমণ কৰক। 
 15 তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব; 
যদি তৃপ্ত নহয়, তেনেহলে বিৰক্তিত† গোটেই ৰাতি  উজাগৰে থাকিব। 
 16 কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম; 
এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম; 
কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান। 
 17 হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম; 
কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।