67 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া গীত, সঙ্গীত। 
 1 হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা, 
তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক। 
 2 গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; 
সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়। 
 3 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; 
সকলো লোকে তোমাৰ প্ৰশংসা কৰক। 
 4 জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; 
এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, 
পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা] 
 5 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, 
সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক। 
 6 পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে; 
ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব। 
 7 ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, 
আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।