82 অধ্যায়
আচফৰ ৰচিত গীত। 
 1 ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; 
দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। 
 2 “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা) 
 3 তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; 
দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। 
 4 দুখীয়া আৰু কঙালক বচোৱা; 
দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।” 
 5 তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; 
চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; 
পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে। 
 6 মই ক’লো, “তোমালোকেই দেৱতাবোৰ; 
তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। 
 7 কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; 
অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।” 
 8 হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; 
কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।