97 অধ্যায়
 1 যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; 
দ্বীপ সমূহেও আনন্দ কৰক। 
 2 তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; 
ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল* ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁ শাসন কৰিব । 
 3 অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; 
চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে। 
 4 তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; 
তাকে দেখি পৃথিৱী কম্পমান হ’ল। 
 5 পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, 
সমুদায় পৃথিৱীৰ সন্মুখত। 
 6 আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, 
সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে। 
 7 লজ্জিত হওঁক সেইসকল, 
যিসকলে মূৰ্ত্তি পূজা কৰে; 
যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; 
যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক। 
 8 হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, 
যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে। 
 9 হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; 
সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান। 
 10 যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে† হে যিহোৱাক আৰাধনা কৰা লোক, দুষ্টতাক ঘৃণা কৰিবা।; 
তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, 
দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে। 
 11 ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; 
সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়। 
 12 হে ধাৰ্মিক লোকসকল, 
যিহোৱাত আনন্দ কৰা, 
তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। 
*97 অধ্যায়:2 ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁ শাসন কৰিব
†97 অধ্যায়:10 হে যিহোৱাক আৰাধনা কৰা লোক, দুষ্টতাক ঘৃণা কৰিবা।