121 অধ্যায়
যাত্ৰাৰ সঙ্গীত। 
 1 মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, 
ক’ৰ পৰা মোৰ সহায় আহিব? 
 2 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব। 
 3 তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; 
তোমাৰ ৰখীয়াজনা টোপনি নাযাব। 
 4 চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, 
তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব। 
 5 যিহোৱা তোমাৰ ৰক্ষক; 
যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ। 
 6 দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব। 
 7 যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; 
তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। 
 8 যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।