9 অধ্যায়
ইস্ৰায়েলৰ পতনত ঈশ্বৰৰ দোষ নাই 
 1 মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,  2 মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে। 
 3 কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।* যা 32:32  4 তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, † যা 4:22 ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷  5 ওপৰ-পুৰুষ সকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন। 
 6 কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল, এনে নহয়৷  7 তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু “ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ’ব৷”‡ আ 21:12 
 8 এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ’ল; শৰীৰৰ যি সন্তান, তেওঁলোক ঈশ্বৰৰ সন্তান নহয়; কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান, তেওঁলোকহে বংশ বুলি গণিত হয়৷  9 কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই§ আ 18:14; গালা 4:23, 28: এনেকুৱা সময়ত মই আহিম, তেতিয়া চাৰাৰ এটি পুত্ৰ হ’ব। 
 10 অকল সেয়ে নহয়; কিন্তু ৰিবেকাও এজনৰ পৰা, আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত,  11 সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে* ৰো 11:5-7; 2 তী 1:9; তীত 3:5 হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ,  12 তেওঁক কোৱা গৈছিল, বোলে, “বৰটোৱে সৰুটোৰ সেৱাকৰ্ম কৰিব।”  13 এই বিষয়ে লিখাও আছে:† মলা 1:2, 3 “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।” 
 14 তেনেহলে আমি কি ক’ম? ঈশ্বৰত অধাৰ্মিকতা আছে নে? এনে নহওক।  15 কিয়নো তেওঁ মোচিক কৈছিল, “মই যি জনক দয়া কৰোঁ, তেওঁকেই দয়া কৰিম; আৰু যি জনক কৃপা কৰোঁ, তেওঁকেই কৃপা কৰিম।”‡ যা 33:19  16 এতেকে এয়ে, ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়। 
 17 কিয়নো ধৰ্মশাস্ত্ৰই ফৌৰণকো কৈছে, “তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ’বৰ বাবে, মই তোমাক তুলিলোঁ।”§ যা 9:16  18 এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে। 
 19 তেতিয়া আপুনি মোক ক’ব, বোলে, “তেনেহলে তেওঁ আকৌ দোষ ধৰে কিয়? কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে?”  20 হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, “তুমি মোক এনেকুৱা কিয় কৰিলা” বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে?  21 একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে?* যিচ 45:9; 64:8; যিৰি 18:6 
 22 ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে, † 2 পি 3:9  23 আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে,  24 তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি, কেৱল ইহুদী সকলৰ মাজৰ পৰা নহয়, কিন্তু অনা-ইহুদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে।  25 সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে:‡ হো 1:10; 2:23; 1 পি 2:10 
“যি লোক মোৰ নহয়, তেওঁক মোৰ লোক বুলি, 
আৰু অপ্ৰিয় জনীক প্ৰেমৰ বুলি মাতিম। 
 26 আৰু ‘তোমালোক মোৰ লোক নোহোৱা,’ এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল, 
তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ’ব।” 
 27 কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, § যিচ 10:22, 23 “ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷  28 কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি, পৃথিৱীত সিদ্ধ কৰিব।  29 এই বিষয়ে যিচয়া আগেয়ে কৈছিল, * যিচ 1:9 
“বাহিনী সমূহৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হ’লে, 
আমি চদোমৰ নিচিনা হ’লোঁহেঁতেন 
আৰু ঘমোৰা নগৰৰ তুল্য হ’লোঁহেঁতেন। 
নিজৰ দোষত ইস্ৰায়েলৰ পতন 
 30 তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, ধাৰ্মিকতা পালে;  31 কিন্তু ইস্ৰায়েল লোকে ধাৰ্মিকতাৰ বিধানলৈ কার্য কৰিও, সেই বিধান নাপালে। 
 32 কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে। উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে;  33 এই বিষয়ে লিখাও আছে, † যিচ 8:14; 28:16 
“চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। 
তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।” 
*9 অধ্যায়:3 যা 32:32
†9 অধ্যায়:4 যা 4:22
‡9 অধ্যায়:7 আ 21:12
§9 অধ্যায়:9 আ 18:14; গালা 4:23, 28
*9 অধ্যায়:11 ৰো 11:5-7; 2 তী 1:9; তীত 3:5
†9 অধ্যায়:13 মলা 1:2, 3
‡9 অধ্যায়:15 যা 33:19
§9 অধ্যায়:17 যা 9:16
*9 অধ্যায়:21 যিচ 45:9; 64:8; যিৰি 18:6
†9 অধ্যায়:22 2 পি 3:9
‡9 অধ্যায়:25 হো 1:10; 2:23; 1 পি 2:10
§9 অধ্যায়:27 যিচ 10:22, 23
*9 অধ্যায়:29 যিচ 1:9
†9 অধ্যায়:33 যিচ 8:14; 28:16