আমোচ
গ্রন্থ ৰচয়িতা
আমোচ পুস্তকৰ 1:1 পদে চিহ্নিত কৰে যে, আমোচ পুস্তকৰ লিখক ভাববাদী আমোচ। টেকোৱাত এদল মেৰৰখীয়াৰ মাজত ভাববাদী আমোচে বসবাস কৰিছিল। আমোচে স্পষ্টৰূপে তেওঁৰ লিখনিত কৈছে যে, তেওঁ কোনো ভাববাদীৰ পৰিয়ালৰ পৰা অহা নাই, আনকি তেওঁ নিজেও এজন বুলি বিবেচনা নকৰে। ঈশ্বৰে মহামাৰীৰ দ্বাৰা আৰু জুইৰ দ্বাৰা সোধবিচাৰৰ ভীতিপ্রদর্শন কৰে, কিন্তু আমোচৰ প্রার্থনা আছিল ইস্রায়েলৰ প্রতি ক্ষমাপৰায়ণ হোৱা।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 760-750 খ্রীষ্টপূর্বৰ ভিতৰত।
আমোচে ইস্রায়েলৰ উত্তৰাঞ্চলৰ সাম্রাজ্যত থকা বৈৎএল আৰু চমৰীয়াত প্রচাৰ কৰিছিল।
প্রাপক
আমোচ পুস্তকৰ মূল দর্শকসকল আছিল ইস্রায়েলৰ উত্তৰাঞ্চল আৰু ভবিষ্যত বাইবেলৰ পাঠকসকল।
উদ্দেশ্য
ঈশ্বৰে অহংকাৰ ঘৃণা কৰে। লোকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ যথেষ্ট আছে আৰু ঈশ্বৰৰ পৰা অহা সকলোবোৰ তেওঁলোকে পাহৰি যায়। হলেও ঈশ্বৰে সকলো লোককে মূল্য দিয়ে, দুখীয়াসকলৰ দুর্বল ব্যৱস্থাৰ বিৰুদ্ধে সতর্ক কৰে। অৱশেষত ঈশ্বৰে আন্তৰিকতাপূর্ণ আৰাধনাৰ সৈতে তেওঁক সন্মান দিয়া ব্যৱহাৰ দাবী কৰে। আমোচৰ যোগেদি ঈশ্বৰৰ বাক্যই ইস্রায়েলৰ লোকসকলৰ সুবিধাৰ বিৰুদ্ধে নির্দেশ কৰিছিল, এই লোকসকল যিসকলে তেওঁলোকৰ চুবুৰীয়াক প্রেম কৰিব পৰা নাছিল, যিসকলে কেৱল আনৰ পৰা সুবিধাহে গ্রহন কৰিছিল, আৰু যিসকলে মাত্র তেওঁলোকৰ উচিতটোহে বিচাৰি ফুৰিছিল।
মূল বিষয়
সোধবিচাৰ
প্রান্তৰেখা
1. জাতি সমূহৰ ওপৰত অহা ধ্বংস — 1:1-2:16
2. ভাববাণীপূর্ণ আহ্বান — 3:1-8
3. ইস্রায়েলৰ বিচাৰ — 3:9-9:10
4. পুনৰূদ্ধাৰ — 9:11-15
1আমোচ তকোৱাৰ মেৰ-ছাগ ৰখীয়াসকলৰ মাজৰ এজন আছিল। তেতিয়া যিহূদাৰ ৰজা আছিল উজ্জিয়া আৰু ইস্রায়েলৰ ৰজা আছিল যোৱাচৰ পুত্র যাৰবিয়াম। ভূমিকম্পৰ দুবছৰৰ আগেয়ে ইস্ৰায়েলৰ বিষয়ে আমোচে এই সকলো দৰ্শন পায়।
ইস্ৰায়েলৰ প্রতিবেশীসকলৰ দণ্ড - অৰামৰ দণ্ড
2আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। মেৰ-ছাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।”
3যিহোৱাই এই কথা কৈছে: “দম্মেচকৰ তিনিটা এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো শস্যৰ মৰণা মৰা লোহাৰ যন্ত্রৰে তেওঁলোকে গিলিয়দক মাৰিলে। 4সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব। 5মই দম্মেচকৰ দুৱাৰৰ ডাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈৎ-এদনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; অৰামৰ লোকসকল বন্দী হৈ কীৰলৈ যাব।”
ফিলিস্তিনীয়াসকলৰ দণ্ড
6যিহোৱাই এই কথা কৈছে: “গাজাৰ তিনিটা, এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ইদোমৰ হাতত শোধাই দিবৰ কাৰণে তেওঁলোকে সকলো লোকক বন্দী কৰি লৈ গৈছিল। 7সেইবাবে মই গাজাৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব। 8মই অচ্দোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; মই ইক্ৰোণৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টীয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ’ব।”
তূৰৰ দণ্ড
9যিহোৱাই এই কথা কৈছে: তূৰৰ তিনিটা এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্রাহ্য কৰি তেওঁলোকে সকলো লোকক ইদোমৰ হাতত শোধাই দিলে। 10সেইবাবে মই তূৰৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।”
ইদোমবাসীৰ দণ্ড
11যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল। 12সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে বস্ৰাৰ ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।”
অম্মোনবাসীৰ দণ্ড
13যিহোৱাই এই কথা কৈছে: “অম্মোনৰ লোকসকলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো নিজৰ সীমা বঢ়াবৰ কাৰণে তেওঁলোকে গিলিয়দৰ গৰ্ভৱতী মহিলাসকলৰ উদৰ ফালিলে। 14সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ঙ্কৰ বা’মৰলী বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰব্বাৰ প্রাচীৰবোৰত জুই লগাই দিম; সেয়ে ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব। 15তেওঁলোকৰ ৰজা আৰু তেওঁলোকৰ অধিকাৰীসকলক একেলগে বন্দী কৰি লৈ যোৱা হ’ব।”