1তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা?
হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?
2সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে?
বা সিহঁতে জগোৱা সময় তুমি জানা নে?
3সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়,
আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।
4সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়;
সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।
5বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে?
কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
6মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ,
আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।
7সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে;
চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
8চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে;
সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।
9মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে?
তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
10তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে?
সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
11তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে?
তোমাৰ কাম তাক গটাই দিবা নে?
12সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি,
তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
13উট চৰাইৰ ডেউকাই উল্লাস কৰে,
কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
14তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়,
আৰু ধুলিত উম পাবলৈ দিয়ে।
15কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি,
বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।
16পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে,
আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।
17কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে,
আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।
18কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে,
তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।
19ঘোঁৰাক জানো তুমি বল দিলা?
লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?
20তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা?
তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।
21সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে,
সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।
22সি ভয়ক হাঁহে, আৰু আতংকিত নহয়;
সি তৰোৱালৰ মুখ পৰা উলতি নাহে।
23তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে;
চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।
24সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে;
শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।
25শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে;
সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়,
সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।
26তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে,
আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?
27ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে,
আৰু অতি ওখ ঠাইত বাহ সাজে?
28সি শিলত বাস কৰে, তাতেই তাৰ বাহ;
সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।
29সেই ঠাইৰে পৰা সি আহাৰ মনে;
তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।
30তাৰ পোৱালিবোৰে তেজ পিয়ে;
য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”