1যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
2দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব?
ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
3তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
4“চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম?
মই মোৰ মুখত হাত দিওঁ।
5মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ;
এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
যিহোৱাই দিয়া দ্বিতীয় উত্তৰ।
6তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
7“তুমি বীৰৰ দৰে কঁকাল বান্ধা;
মই তোমাক সোধোঁ, তুমি মোক কোৱা।
8মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে?
বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
9তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে?
তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
10তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা,
প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
11তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা,
প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
12প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা,
দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
13সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা,
সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
14তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি
মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
15ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা;
সি গৰুৰ দৰে ঘাঁহহে খায়।
16চোৱা, তাৰ বল তাৰ কঁকালত আছে,
তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
17সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়;
তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
18তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা,
তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
19ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান;
যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
20পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে;
তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
21সি পদুমনিৰ তলত শোৱে,
নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
22পদুম গছবোৰে তাক ছাঁ দি ধৰে;
নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
23চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়;
যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
24সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে?
কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?