দায়ুদৰ ৰচিত গীত:
1পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ,
জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
2কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে,
পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।
3যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে?
তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ’ব পাৰে?
4কেৱল সেই জনেই পাৰে,
যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল;
যিজনে মিছা কথালৈ নিজৰ মন নেমেলে,
আৰু ছল কৰি মিছা শপত নাখায়।
5তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব;
তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।
6এই লোকসকলেই যিহোৱাক বিচাৰে,
যাকোবৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে;
তেওঁলোকেই যাকোবৰ বংশ। (চেলা)
7হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা,
হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা,
প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
8সেই প্ৰতাপী ৰজা কোন?
তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান,
তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।
9হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা,
হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা,
প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
10সেই প্ৰতাপী ৰজা কোন?
তেওঁ বাহিনীসকলৰ যিহোৱা,
তেওঁ গৌৰৱৰ ৰজা। (চেলা)।

Notes


*24 অধ্যায়:3 কোনে প্রৱেশ কৰিব পাৰে?

24 অধ্যায়:6 যাকোবৰ ইস্রায়েলৰ

24 অধ্যায়:6 ‘অহ! যকোবৰ ঈশ্বৰ’, তেওঁলোকে এইদৰে তোমাৰ মূখ চাব বিচাৰিব।