14 অধ্যায়
যিহোৱালৈ মন-পালটন 
 1 হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, 
তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো। 
 2 মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, 
“আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; 
যাতে আমি আমাৰ ওঁঠে* ষাঁৰ গৰুৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ। 
 3 অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; 
ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। 
আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।” 
যিহোৱাই ইস্রয়েলক ক্ষমা কৰিব 
 4 যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, 
মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; 
কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল। 
 5 মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম; 
তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, 
লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব। 
 6 তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; 
জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; 
তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব। 
 7 তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব† তেওঁলোকে পুনৰায় যিহোৱাৰ ছাঁত বাস কৰিব; 
তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, 
আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; 
লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব। 
 8 ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ 
মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। 
মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; 
তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।” 
 9 জ্ঞানৱানজনে এইবোৰ কথা বুজে; 
বিবেচকজনে এইবোৰ কথা জানে; 
কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু 
ধাৰ্মিকজনে সেই পথত গমন কৰে, 
কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।